"সপ্নৰ নিটোল দেহেৰে গঢ়া অসম্ভৱ ভৱিষ্যত - নকলেও হ'ব, আমি লিখি থকা অভিধানখনত অসম্ভৱ শব্দটো নায়েই"!

যোৰহাট নগৰৰ মাজ-মজিয়াত অৱস্থিত আমাৰ যোৰহাট মহাবিদ্যালয়। কেৱল কলা শাখাৰ মহাবিদ্যালয় আছিল যদিও এই বছৰৰ পৰা উচ্চতৰ মধ্যমিক শ্ৰেণীত বিজ্ঞান শাখাৰ শুভাৰম্ভ ঘটে। মহাবিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী উভয়ৰে বাবে পঢ়াৰ সুবিধা প্ৰদান কৰা হৈছে। তদুপৰি যোৱা বছৰৰ পৰা তৃতীয় লিংগৰ প্ৰৱেশৰ দুৱাৰ মুকলি কৰি দিয়া হয়। ১৯৬২ চনত স্থাপিত যোৰহাট মহাবিদ্যালয় আৰু নতুন মহাবিদ্যালয় নামৰ দুখন মহাবিদ্যালয় ১৯৭০ চনত একত্ৰিত কৰাৰ জৰিয়তে নাম পায় যোৰহাট মহাবিদ্যালয় (একত্ৰিত)। মহাবিদ্যালয়খনত আৰম্ভণিৰ পৰাই অসমীয়া উচ্চমানৰ পাঠদান আৰম্ভ হয়। যোৰহাট তথা অসমৰ সাহিত্যিক আৰু শিক্ষাবিদ মহান ব্যক্তি কেইজনে অসমীয়া বিভাগৰ প্ৰতিষ্ঠা কালৰ পৰাই থাকি বিভাগটোৰ গৌৰৱ আৰু ঐতিহ্য মহিমামণ্ডিত কৰি তুলিবলৈ সক্ষম হৈছিল। জন্মলগ্নৰে পৰা অসমীয়া বিভাগে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যসুচী পালন কৰি আহিছে। বক্তৃতানুষ্ঠান, বিভিন্ন সাহিত্য প্ৰতিযোগিতা আদিৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। যোৱা দুবছৰৰ পৰা অসমীয়া বিভাগৰ উদ্যোগত আমি আৰ্ন্তজাতিক মাতৃভাষা দিৱস পালন কৰি আহিছো। মহাবিদ্যালয়ত থকা বিভিন্ন মাতৃভাষাৰ বিশেষকৈ মিছিং, নেপালী, দেউৰী, বঙালী, মণিপুৰী, কোলমুণ্ডা আদি ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি মাতৃভাষাৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হৈছে।

 

বিভাগৰ আলোচনী
অসমীয়া বিভাগত ‘অসমীয়া সাহিত্য চৰা’ নামৰ এটি অনুষ্ঠান আছে। সাহিত্য চৰাৰ উদ্যোগত প্ৰতি বছৰে প্ৰাচীৰ-পত্ৰিকা ‘সৃজন’ প্ৰকাশিত হৈ আহিছে। হাতেলিখা আলোচনী ‘সমৃদ্ধি’ ও বছৰি প্ৰকাশিত হয়। যোৱা ২০১৫ বৰ্ষত ‘অসমীয়া সাহিত্য চৰা’ ৰ মুখপত্ৰ ‘সুৱাগমণি’ ছপা ৰূপত প্ৰকাশ পায়। তদুপৰি বিভাগৰ শিক্ষক সকলৰ উদ্যোগত গৱেষণাধৰ্মী আলোচনী ‘বিভাৱন’ ছপা ৰূপত প্ৰকাশ হৈ আহিছে। এনেবিলাক প্ৰকাশৰ দ্বাৰা বিভাগৰ ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশৰ লগতে সাহিত্যৰ প্ৰতিও আকৃষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে।

 

Dr. N. G. Singha, Associate Prof.
 
Mrs. Anima Neog, Associate Prof., (HOD)
 
Sri Kushal Kumar Das, Associate Prof.
 
Sri Jyotirmoy Bordoloi, Associate Prof.
 
Sri Tarun Loying, Associate Prof.

 

Jorhat College (Amalgamated), Na ALi, Jorhat © 2016-All Rights Reserved

Site Designed By COMIT IT Solution